নলবাৰী, ১৯ অক্টোবৰ (হি.স.): আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা যোৱা কালি শনিবাৰে ৰাজ্যত কাতি বিহু উদযাপন কৰা হয়। নলবাৰীৰ কাছিমপুৰত যোৱা কালি শনিবাৰে সন্ধিয়া কাতি বিহু উদযাপন কৰা হয় । বৃহত্তৰ কাছিমপুৰত পথাৰত এহেজাৰজন কৃষকে এহেজাৰ গছি বন্তি প্ৰজ্বলন কৰে । কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৃষকৰ সৈতে পথাৰত ধাননিৰ মাজত বন্তি প্ৰজ্বলন কৰে আৰু আকাশ বন্তি জলায় ।ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ উদ্যোগত নলবাৰীৰ কাচিমপুৰত পথাৰৰ মাজত উদযাপন কৰে কাতি বিহু ।
ইপিনে মন্ত্ৰী গৰাকীয়ে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে মন্ত্ৰী গৰাকীয়ে কালি সন্ধিয়া কাতি বিহুৰ দিনটোত আঠু কাঢ়ি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে৷আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অসমবাসীক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷
ইপিনে অঞ্চলটোৰ ৩৯ গৰাকী এডিআৰএ পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ প্ৰাৰ্থীক একোখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ