দৰং, ১৯ অক্টোবৰ (হি.স.): অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত অন্যতম বিহু হৈছে কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় কাতি বিহু। প্ৰতি ঘৰ অসমীয়াই যোৱা কালি শনিবাৰে সন্ধিয়া তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি খেতি পথাৰত বন্তি জ্বলায়। মঙলদৈৰ গাখীৰখোৱাপাৰাত অঞ্চলতো আকাশ বন্তি জ্বলাই খেতি পথাৰ শ্ৰী বৃদ্ধিৰ কামনা কৰে।
মঙলদৈ গাখীৰখোৱাপাৰাত দৰং জিলা কৃষি বিভাগে সমূহীয়া ভাবে পালন কৰে কাতি বিহু।গাখীৰখোৱাপাৰা বাসীৰ সহযোগত পথাৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে আকাশ বন্তিও জ্বলোৱা হয়। অনুষ্ঠানত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজসকলেও অংশগ্ৰহণ কৰি উদযাপন কৰিলে কাতি বিহু।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ