কোকৰাঝাৰ, ১৯ অক্টোবৰ (হি.স.): ৰাজ্যজুৰি আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কচাৰী বা কাতি বিহু পালন কৰা হয়। ইয়াৰ লগতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত বাবুবিল গাঁৱৰ খেতিপথাৰ যোৱা কালি শনিবাৰে সন্ধিয়া অনুষ্ঠিত কৰা হয় কাতি বিহু।
এই সন্দৰ্ভত গোসাঁইগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত কাতি বিহু আৰু মাহ জাতীয় শস্যৰ সজাগতা অভিযান কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও অগ্ৰণী কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে সন্ধিয়া পাঁচ বজাৰ লগে লগে নামকীৰ্ত্তন আৰু হৰি ধ্বনিৰে মুখৰিত হৈ পৰা ধাননি পথাৰত মহকুমা কৃষি বিষয়া সহ আন কৰ্মচাৰী সকলে চাকি জলাই কৃষক সকলৰ খেতিপথাৰ শস্যশ্যামলা হৈ উঠাৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ