দৰঙৰ মাজ গাঁৱত কাতি বিহু উদযাপন
দৰঙৰ মাজগাওঁত কাতি বিহু উদযাপন ।
দৰঙৰ মাজ গাঁৱত কাতি বিহু উদযাপন


দৰং ১৯ অক্টোবৰ (হি.স.): দৰং জিলাৰ দলগাওঁ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত যোৱা কালি শনিবাৰে সন্ধিয়া কাতি বিহু উদযাপন কৰা হয়। দৰং জিলাৰ ২নং মাজ গাঁৱত জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰাৰ সমান্তৰালকৈ, কৃষি সামগ্ৰী বিতৰণ, কৃষি সজাগতা সভা, কৃষি প্ৰণালী, আকাশ বন্তি প্ৰজ্বলন ক্ৰমনিকাৰে আয়োজন অসমীয়াৰ বাপতি সাহোন কাতি বিহু।

এই অনুষ্ঠানত উপস্থিত থাকে বিজেপি ৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী, শিক্ষাবিদ ড: বিজয় কুমাৰ শৰ্মা, মঙলদৈ মহকুমা কৃষি বিষয়া উৎপল দাস। পৰম্পৰা ৰীতি নীতিৰে, ধাননি পথাৰত চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় গাঁৱৰ আই মাতৃ সকলৰ লগতে চহা ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande