বিলাসীপাৰাত অসমীয়াৰ বাপতি সাহোন কাতি বিহুটি বিভিন্ন কাৰ্যসূচীৰে পালন
বিলাসীপাৰাতো অসমীয়াৰ বাপতি সাহোন কাতি বিহুটি বিভিন্ন কাৰ্যসূচীৰে পালন
বিলাসীপাৰাত অসমীয়াৰ বাপতি সাহোন কাতি বিহুটি বিভিন্ন কাৰ্যসূচীৰে পালন


ধুবুৰী, ১৯ অক্টোবৰ (হি.স.): ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো যোৱা কালি শনিবাৰে সন্ধিয়া অসমীয়াৰ বাপতি সাহোন কাতি বিহুটি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।

স্থানীয় কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পুখুৰীপাৰা গাঁৱত মহকুমা ভিত্তিত কাতি বিহু পালন কৰা হয়। বিহুটি উপলক্ষে গাঁওখনৰ পঞ্চায়ত প্ৰাংগণত কৃষিৰ ওপৰত এক সজাগতা সভাও অনুষ্ঠিত কৰে। কাতি বিহুৰ বৈজ্ঞানিক বিশ্লেষণ কৰাৰ লগতে কৃষক ৰাইজৰ অভাৱ অভিযোগৰ ওপৰত আলোচনা কৰা হয়।

ইয়াৰ পাছতে কৃষি বিষয়া, কৰ্মচাৰীৰ লগতে স্থানীয় পুৰুষ-মহিলাই একেলগে ধাননি পথাৰত আহি তুলসীৰ তলত চাকি প্ৰজ্বলন কৰিয়ে খেতিপথাৰত শাৰি শাৰিকৈ বন্তি প্ৰজ্বলন, আকাশ বন্তি প্ৰজ্বলন কৰি বিহুটি উদযাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande