নলবাৰী, ১৯ অক্টোবৰ (হি.স.): নলবাৰী জিলাৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় বৰক্ষেত্ৰীত অসমীয়াৰ বাপতি সাহোন কাতি বিহু যোৱা কালি শনিবাৰে সন্ধিয়া পালন কৰা হয়। মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বৰক্ষেত্ৰীৰ উদ্যোগত বৰতলা গাওঁ খনত কাতি বিহু পালন কৰা হয়।
কাতি বিহুৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।তুলসীৰ তলত আয়তিসকলৰ দ্বাৰা নাম কীৰ্তনৰ আয়োজন কৰা হয়। ইফালে মহকুমা কৃষি বিষয়াৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত কাতি বিহুৰ বৈজ্ঞানিক বিশ্লেষণ কৰাৰ লগতে কৃষক ৰাইজৰ অভাৱ অভিযোগৰ ওপৰত আলোচনা কৰা হয় । ইয়াৰ পাছতে কৃষি বিষয়া, কৰ্মচাৰীৰ লগতে স্থানীয় পুৰুষ-মহিলাই একেলগে ধাননি খেতিপথাৰত শাৰি শাৰিকৈ বন্তি প্ৰজ্বলন কৰে।আকাশ বন্তি প্ৰজ্বলন কৰি বিহুটি উদযাপন কৰে কৃষি বিষয়াৰ কাৰ্যালয়ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ