কলিয়াবৰত আকাশবন্তি জ্বলালে অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই
কলিয়াবৰত আকাশবন্তি জ্বলালে অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই।
কলিয়াবৰত আকাশবন্তি জ্বলালে অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই


যোৰহাট, ১৯ অক্টোবৰ (হি.স.): অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টিৰ ব্যৱস্থাপন আখিৰঙা কেনকেনিয়া সংযোগী পথাৰত যোৱা কালি শনিবাৰে সন্ধিয়া পালন কৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু। পথাৰত তুলসী ৰুই তুলসীৰ তলত চাকি জ্বলাই গোপিনীসকলে হৰি নাম পৰিবেশন কৰে।

কাতি বিহুৰ অনুষ্ঠানতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আকাশ বন্তি জ্বলাই অসম গণ পৰিষদৰ ভাতৃ সংগঠন, অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ বৈশ্যই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande