নগাঁও, ১৯ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গ বিহনী এটা মাহ। ১৯ ছেপ্টেম্বৰ তাৰিখেই অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় মাগিছিল হিয়াৰ আমঠু জুবিন গাৰ্গে। সৰ্বত্ৰে তেখেতৰ মৃত্যুত শোকস্তব্ধ।
বৰ্তমান সৰ্বজন জুবিন গাৰ্গৰ অকাল বিয়োগে মৰ্মাহত। সকলোৰে হৃদয়ে হিয়া উজাৰি কান্দিছে শিল্পীজনৰ মৃত্যুত। আজি মাহেকীয়া তিথি দিনা ৰাজ্যৰ সৰ্বত্ৰে দেখা গৈছে মহান শিল্পী গৰাকীৰ শ্ৰাদ্ধ আয়োজন কৰা। সমান্তৰালকৈ নগাঁও উৰিয়াগাঁৱতো শিল্পীজনাৰ মাহেকীয়া শ্ৰাদ্ধভাগ আয়োজন কৰা পৰিলক্ষিত হয়। নাম-প্ৰসংগৰে জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি উচিত তদন্ত তথা ন্যায় বিচাৰিলে সৰ্বজনে। নগাওঁকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া শ্ৰাদ্ধ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি অনুষ্ঠিত কৰিছে তেওঁৰ গুণমুগ্ধ সকলে। বিগত এমাহ ধৰি চকুলোযেন কাৰোৱে ৰোৱা নাই।
সকলোৱে অশ্ৰুশিক্ত নয়নেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাজনায় আৰু বিদেহী আত্মাৰ সদগতি কামনা কৰে। লগতে সকলোৰে এটায়ে দাবী জুবিন দাই ন্যায় পাবয়ে লাগিব দোষীয়ে কঠোৰতম শাস্তি পাবয়ে লাগিব তাৰ লগতে অসমবাসীয়ে কেতিয়াও আপোচ নকৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু