মৰিগাঁও, ১৯ অক্টোবৰ (হি.স.)। মৰিগাঁৱৰ বঙালধৰাত ৰাষ্ট্ৰীয় ঘাইপথত জুবিন চ'ক মুকলি। ৰাইজৰ ধনেৰে ঘাইপথৰ মাজত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ প্ৰস্তুতি।
মৰিগাঁও জিলাৰ বঙালধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বঙালধৰা তিনিআলিটো আজি জুবিন চ'ক নামেৰে আনুষ্ঠানিক ভাবে নামকৰণ কৰা হয়। আজি পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ সোমাজত জুবিন চ'কৰ নাম ফলকখন ফিটা কাটি মুকলি কৰে ধৰমতুল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগান্ত মেধিয়ে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে বলিন্দ্ৰনাথ ভূঞাই।
অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্তন ৰঞ্জিত ট্ৰফী খেলুৱৈ ডাঃ পাৰ্থসাৰথি হাজৰিকা আৰু সমাজ কৰ্মী অৰূপ কুমাৰ ডেকাই। উল্লেখ্য যে বঙালধৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ডাঃ পাৰ্থসাৰথি হাজৰিকা, প্ৰদীপ দেউৰী, ৰাজীৱ ডেকা, দিগন্ত ডেকা, মানসজ্যোতি ডেকা প্ৰমুখ্যে বৃহত্তৰ অঞ্চলটোৰ কেইজনমান লোকৰ নেতৃত্বত বঙালধৰা, পুৱ বঙালধৰা আৰু মিকিৰগাঁৱৰ ৰাইজৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে এই গুৰুত্বপূৰ্ণ স্থান টুকুৰাৰ নাম জুবিন চ'ক ৰখা হয়। আনহাতে অঞ্চলটোৰ ৰাইজৰ দান বৰঙণিৰে এই স্থানত চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শীঘ্ৰে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তিৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু