বিটিচিৰ দুই নং গুমা সমষ্টিত প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰৰ কেৱাইচি কৰাত অনিয়ম
বিটিচিৰ দুই নং গুমা সমষ্টিত প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰৰ KYC কৰাত চৰম গাফিলতি।
বিটিচিৰ দুই নং গুমা সমষ্টিত প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰৰ কেৱাইচি কৰাত অনিয়ম


কোকৰাঝাৰ, ১৯ অক্টোবৰ (হি.স.): বিটিচিত বিপিএফ দলৰ চৰকাৰ গঠন হোৱাৰ লগে লগে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁৱত প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰৰ কেৱাইচি কৰাত চৰম গাফিলতি বিপিএফ দলৰ নেতা কৰ্মী সকলে আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বিটিচিৰ দুই নং গুমা সমষ্টিৰ অধীনস্থ তথা গোসাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত হংশ্ববিল গাঁৱত প্ৰায় ৮৫০ গৰাকী পুৰুষ- মহিলাৰ নামত প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰ আবণ্টন হৈছে যদিও গাঁও খনৰ বহু সংখ্যক দৰিদ্ৰ দুখীয়া পৰিয়ালৰ লোক সকলৰ ঘৰ কেৱাইচি কৰাত চৰম গাফিলতি আৰম্ভ কৰিছে বিপিএফ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলৰ লগতে গোসাইগাঁও উন্নয়ন খণ্ডৰ জিআৰএছ'য়ে। উক্ত গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি বিপিএফ দলৰ নেতা কৰ্মী সকলে কেৱল বিপিএফ দলৰ সমৰ্থক সকলৰ ঘৰ বাছি বাছি কেৱাইচি কৰি আছে। আনহাতে বিৰোধী দলৰ কৰ্মী তথা দুখীয়া পৰিয়ালৰ লোক সকলক বাদ দি একপক্ষীয় ভাবে কেৱাইচি কৰি আছে। যি সময়ত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে সম বিকাশ সম অধিকাৰৰ কথা সদৰি কৰি যোগ্যতা অনুসৰি চৰকাৰী আঁচনি তথা চৰকাৰী ঘৰ দিয়াৰ বাবে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ঠিক একে সময়তে বিপিএফ দলৰ নেতা পালি নেতাই এক প্ৰকাৰ ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি দুখীয়া দৰিদ্ৰ লোক সকলক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষয় কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়ৰ লক্ষণীয় বিষয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande