বিশ্বনাথ, ১৯ অক্টোবৰ (হি.স.)। গহপুৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন। অভিনেতা ৰবি শৰ্মাই কৰিলে উন্মোচন। অসমীয়াৰ প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ পূণাংৰ্গ প্ৰতিমূতি আনুষ্ঠানিক ভাবে স্থাপন কৰা হয় গহপুৰৰ ঐতিহ্যমণ্ডিত ডিপৰাত ৷
আজি বিয়লি দুই বজাত মৰমৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অভিনেতা ৰবি শৰ্মাই ৷ বৃক্ষ ৰূপন আৰু পুষ্পাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰদ্মশ্ৰী যাদৱ পায়েঙে ৷ প্ৰতিমূৰ্তি উন্মোচন কৰি অভিনেতা ৰবি শৰ্মাই কয় হিংসাৰে নহয় নিতি নিয়মৰ মাজেৰেহে ন্যায় ব্যৱস্থা কৰিব লাগে ৷ ন্যায় ব্যৱস্থা ওপৰত আস্থা ৰাখিব লাগে ৷ মৃ্ত্যুতকৈ জুবিনৰ জীৱনটোক উপভোগ কৰিব লাগে ৷ গৰিমা গাৰ্গে ন্যায়ৰ বাবে সময় বান্ধি দিয়াৰ সন্দৰ্ভত কয়-পত্নী আৰু পৰিয়ালে হিচাপে এনেধৰনৰ আবেগিক মন্তব্য কৰাতো স্বাভাবিক।
আনহাতে জুবিনক লৈ ৰাজনীতি কৰাতো অসমৰ কোনো নেতাৰ য্যোগ্যতা নাই এই মন্তব্য কৰে পদ্মশ্ৰী যাদৱ পায়েঙে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা