অত্যাধুনিক চুপাৰ বাছ ৰাইজৰ সেৱাত উৎসৰ্গা কৰিছে কাকজানৰ বিশিষ্ট ব্যৱসায়ী দেৱজিৎ ৰাজখোৱাই
যোৰহাট, ১৯ অক্টোবৰ (হি.স.)। এক অত্যাধুনিক বাছত প্ৰতি দিনাই ৰোগীক বিনামূলীয়াকৈ অনা-নিয়াৰ সুবিধা l উজনি অসমৰ ৰাইজৰ বাবে এটা সুখবৰ। আনৰ দুখত দুখী হোৱা সমাজসেৱী আৰু কাকজানৰ বিশিষ্ট ব্যৱসায়ী দেৱজিৎ ৰাজখোৱাই আজি “মেক্স বাছ” নামেৰে এখন অত্যাধুনিক চুপ
এক অত্যাধুনিক বাছত প্ৰতি দিনাই ৰোগীক বিনামূলীয়াকৈ অনা-নিয়াৰ সুবিধা l


যোৰহাট, ১৯ অক্টোবৰ (হি.স.)। এক অত্যাধুনিক বাছত প্ৰতি দিনাই ৰোগীক বিনামূলীয়াকৈ অনা-নিয়াৰ সুবিধা l

উজনি অসমৰ ৰাইজৰ বাবে এটা সুখবৰ। আনৰ দুখত দুখী হোৱা সমাজসেৱী আৰু কাকজানৰ বিশিষ্ট ব্যৱসায়ী দেৱজিৎ ৰাজখোৱাই আজি “মেক্স বাছ” নামেৰে এখন অত্যাধুনিক চুপাৰ বাছ ৰাইজৰ সেৱাত উৎসৰ্গ কৰিছে।

এটা সময়ত অটো গাড়ীৰে ভাড়াৰে কাম আৰম্ভ কৰি, ধন সঞ্চয় কৰি, নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰি স্বাৱলম্বী হোৱা দেৱজিৎ ৰাজখোৱাই আজিলৈকে সমাজৰ বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াই আহিছে।

নিজৰ উন্নয়নৰ লগতে আন বহুজনকো কর্মসংস্থাপনৰ সুযোগ আগবঢ়াই, দহজনৰো অধিক লোকক কামৰ বাট মুকলি কৰি দিছে এই সমাজসেৱী ব্যক্তি জনে...

“মেক্স বাছ”খন আধুনিকতাৰে পূৰ্ণ—প্ৰতিটো চিট স্লিপাৰ ব্যৱস্থাসহ, এ চি, টিভি আৰু যাত্ৰীৰ সুবিধাৰ্থে অন্তৰ্গত প্ৰস্বাৱগাৰৰ ব্যৱস্থা কৰা হৈছে।

বাছখন পুৱা ৮ বজাত শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি যোৰহাট হৈ গুৱাহাটীলৈ যায় আৰু নিশা ৮.৩০ বজাত গুৱাহাটী পৰা ঘূৰি আহে।

উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ নৱকৃষ্ণ মহন্তে বাছখন উদ্বোধন কৰে। তেওঁ এই উজনি অসমৰ পৰিবহণ সেৱাৰ এক নতুন অধ্যায় বুলি মন্তব্য কৰে।

বিশেষকৈ উল্লেখযোগ্য, দেৱজিৎ ৰাজখোৱাই জানিবলৈ দিয়ে—যদি কোনো ৰোগীক গুৱাহাটীলৈ নিয়াৰ প্ৰয়োজন হয়, তেন্তে তেওঁ প্ৰতি দিনাই সেই ৰোগীক বিনামূলীয়াকৈ অনা-নিয়াৰ ব্যৱস্থা কৰিছে। তেওঁৰ এই মানৱিক পদক্ষেপে সমাজৰ বহুজনৰ হৃদয় স্পৰ্শ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande