পাটিয়ালাৰ প্ৰাক্তন মেয়ৰ সঞ্জীৱ শৰ্মা বিট্টু পুনৰ কংগ্ৰেছলৈ, বেনুগোপাল আৰু বাঘেলৰ আদৰণি
নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। পাটিয়ালাৰ প্ৰাক্তন মেয়ৰ সঞ্জীৱ শৰ্মা (বিট্টু) দেওবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে। ইয়াত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে দলত অন্তৰ্ভুক্ত কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু পঞ্জাৱৰ প্ৰভাৰী ভ
पटियाला के पूर्व मेयर संजीव शर्मा बिट्टू की कांग्रेस में वापसी, वेणुगोपाल और बघेल ने दिलाई सदस्यता


নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। পাটিয়ালাৰ প্ৰাক্তন মেয়ৰ সঞ্জীৱ শৰ্মা (বিট্টু) দেওবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে। ইয়াত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে দলত অন্তৰ্ভুক্ত কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু পঞ্জাৱৰ প্ৰভাৰী ভূপেশ বাঘেলে।

উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা ২০২১ চনলৈ পাটিয়ালা পৌৰ নিগমৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিটুৱে প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ ঘনিষ্ঠ সমৰ্থক হিচাপে পৰিচিত। তিনিবাৰৰ কাউন্সিলাৰ বিট্টুৱে ২০২১ চনত কংগ্ৰেছ দল ত্যাগ কৰি অমৰিন্দৰ সিঙৰ পঞ্জাৱ লোক কংগ্ৰেছত যোগদান কৰে। তেওঁৰ এই প্ৰত্যাৱৰ্তন কংগ্ৰেছৰ পঞ্জাৱ শাখাৰ বাবে তাৎপৰ্যপূৰ্ণ হিচাপে দেখা গৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande