ধনতেৰাছৰ পিছত অলংকা বজাৰত স্বাভাৱিক ব্যৱসায়, সোণ আৰু ৰূপৰ মূল্য অপৰিৱৰ্তিত
নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। ধনতেৰাছৰ পিছদিনা আজি দেওবাৰে ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ ব্যৱসায় সামন্য স্তৰত হোৱা দেখিবলৈ পোৱা যায়। অপৰিৱৰ্তিত মূল্যৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৩০,৮৬০ টকাৰ পৰা ১,৩
धनतेरस के अगले दिन सर्राफा बाजार में सोना और चांदी के भाव में कोई बदलाव नहीं


নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। ধনতেৰাছৰ পিছদিনা আজি দেওবাৰে ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ ব্যৱসায় সামন্য স্তৰত হোৱা দেখিবলৈ পোৱা যায়। অপৰিৱৰ্তিত মূল্যৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৩০,৮৬০ টকাৰ পৰা ১,৩১,০১০ টকাৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেট সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,১৯,৯৫০ টকাৰ পৰা ১,২০,১০০ টকাৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে ৰূপৰ দাম অপৰিৱৰ্তিত হৈ আছে, দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতুটো প্ৰতি কিলোগ্ৰামত ১,৭২,০০০ ₹ত বিক্ৰী কৰি থকা হৈছে।

সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰৰ ব্যৱসায়ৰ সময়ত প্ৰবল উত্থানৰ বাবে দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫,৭৮০ ₹ পৰ্যন্ত বৃদ্ধি পাইছে। একেদৰে ২২ কেৰেট সোণৰ মূল্যও বিগত সপ্তাহত প্ৰতি ১০ গ্ৰামত ৫,৩০০ টকাকৈ বৃদ্ধি পাইছে। সোণৰ বিপৰীতে ৰূপৰ মূল্য সাপ্তাহিক ভিত্তিত প্ৰতি কিলোগ্ৰামত ৮,০০০ টকা হ্ৰাস পাইছে।

দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য ১,৩১,০১০₹ স্তৰত প্ৰতি ১০ গ্ৰাম, আনহাতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২০,১০০₹ । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৩০,৮৬০₹ আৰু ২২ কেৰেটৰ সোণ ১,১৯,৯৫০₹ হাৰত প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৯১০ টকা, আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,২০,০০০ টকা। এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৮৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৯৫০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৮৬০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৯,৯৫০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,৩১,০১০ টকা, আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২০,১০০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৩০,৯১০₹, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২০,০০০ ₹। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩১,০১০ ₹, আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২০,১০০₹ হাৰত বিক্ৰী হৈছে।

সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য অপৰিৱৰ্তিত হৈ থাকিল। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৩০,৮৬০ ₹। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৯,৯৫০ টকা ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande