হোজাই, ১৯ অক্টোবৰ (হি.স.): হোজাই জিলাৰ লংকাৰ বামুনগাঁৱত যোৱা কালি শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰিলে এটা বাসগৃহ। অভিজিত শীল নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷
এই অগ্নিকাণ্ডত জাহ যায় নগদ ধন ২ লাখ টকা, সোণ আ-অলংকাৰ প্ৰয়োজনীয় নথি-পত্ৰ সহ প্ৰায় ৩০/৩৫ লক্ষাধিক টকাৰ সা- সম্পত্তি। অৱশ্যে জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷
অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্হানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপনত নামি পৰে। লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খৱৰ দিয়া হয়। ইফালে পথ বেয়া হোৱাৰ বাবে জুই নিৰ্বাপন কৰিবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আবদ্ধ হৈ পৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ