কাৰ্বি আংলং, ১৯ অক্টোবৰ (হি.স.): কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ হালধীয়াটি গাঁৱত যোৱা কালি শনিবাৰে নিশা সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। কাতি বিহুৰ দিনাই হালধীয়াটি গাঁৱৰ মিতালী বৰা নামৰ লোক গৰাকীৰ ঘৰত সংঘটিত হৈছে এই অগ্নি কাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত ইতিমধ্যে সম্পূৰ্ণ ৰূপে জ্বলি ভস্মীভূত হয় বাসগৃহটো। ইয়াৰ লগতে দুটা পশু ধন, এজাক মূৰ্গী চৰাই আৰু এখন ইস্কুটি বাহনৰ লগতে এখন চাইকেল আৰু আ অলংকাৰৰ লগতে এখন ঘৰৰ প্ৰয়োজনীয় সকলো জুইত জাহ যায়। অৱশ্যে কিদৰে এই অগ্নিকাণ্ড সূত্ৰপাত হৈছে সয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ আগতেই সম্পূৰ্ণ ঘৰটো জুইত ভস্মীভূত হয়।
উল্লেখ্য যে অগ্নি সূত্ৰপাত হোৱাৰ সময়ত ঘৰত নাছিল গৃহস্থ। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইতিমধ্যে বাসগৃহটো জ্বলি ভস্মীভূত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ