বৰপেটা, ১৯ অক্টোবৰ (হি.স.)। বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁওত দেওবাৰে সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । গাঁওখনৰ গোলাপ উদ্দিনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত পৰিয়ালটোৰ এটা টিনপাতৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মিভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা বহু সা-সামগ্ৰীও ভস্মিভূত হয় । লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে দৰিদ্ৰ পৰিয়ালটোৰ। স্থানীয় লোকে বহু সময় যুজ দি জুই নিৰ্বাপিত কৰে যদিও এই অগ্নিকাণ্ডই ক্ষতিগ্ৰস্থ কৰে পৰিয়ালটোক। অৱশ্যে ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত অথবা কোনো জ্বলনশীল সামগ্ৰীত প্ৰথমতে জুই লগাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ