গোলাঘাট, ১৯ অক্টোবৰ (হি.স.): সন্মুখত পোহৰৰ উৎসৱ দীপাৱলী। অসমীয়াৰ হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ অব্যাহত থকাৰ সময়তে ৰাজ্যবাসীয়ে এইবাৰ পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। জাকজমকতা পৰিহাৰ কৰি প্ৰতিঘৰ গৃহস্থই পদূলি পোহৰাব মাটিৰ চাকিৰে। কলিয়াবৰতো নহয় ইয়াৰ ব্যতিক্ৰম।
কলিয়াবৰৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠান সমূহে দীপাৱলী উপলক্ষে বৈদ্যুতিক লাইট বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছিল যদিও এইবাৰ দোকান সমূহত বৈদ্যুতিক লাইটৰ বিক্ৰী পূৰ্বৰ তুলনাত বহু কম। তাৰ বাবে আক্ষেপো নাই ব্যৱসায়ী সকলৰ। কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰে সাধাৰণ ব্যৱসায়ী সকলেও ভাষ্য ব্যৱসায়ী।ইয়াৰ বিপৰীতে পথৰ কাষৰ অস্থায়ী মৃৎশিল্পৰ ব্যৱসায়ী সকলে প্ৰখৰ ৰ'দতো বিক্ৰী কৰি আছে মাটি চাকি। একো একোগৰাকী মৃৎশিল্পৰ ব্যৱসায়ীয়ে বিক্ৰী কৰিছে ৩০-৪০ হাজাৰ মাটি চাকি। নৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এইবাৰ মাটি চাকি বিক্ৰীয়ে সৃষ্টি কৰিছে আন এক অভিলেখ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে মাথোঁ ন্যায় পাবই লাগিব। ইয়াকে কামনা কৰিছে মৃৎশিল্পী সকলেও।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ