জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চিবিআই ৰ দ্বাৰা কৰোৱাৰ দাবী ডা কমলা কলিতাৰ
কামৰূপ, ১৯ অক্টোবৰ (হি.স.)। অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩০ দিন হোৱাৰ পিছতো প্ৰকৃত ৰহস্য উদঘাটন নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা ডাঃ কমলা কলিতাই। সাংবাদিকৰে হোৱা কথাবাৰ্তাত অগপ দলৰ নেতা
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চিবিআই ৰ দ্বাৰা কৰোৱাৰ দাবী ডা কমলা কলিতাৰ


কামৰূপ, ১৯ অক্টোবৰ (হি.স.)। অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩০ দিন হোৱাৰ পিছতো প্ৰকৃত ৰহস্য উদঘাটন নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা ডাঃ কমলা কলিতাই।

সাংবাদিকৰে হোৱা কথাবাৰ্তাত অগপ দলৰ নেতা গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চিবিআই ৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী জনায়।

আনহাতে জুবিন গাৰ্গৰ তদন্ত যদি সঠিক নহয় এই চৰকাৰ খনক ৰাইজে ক্ষমা নকৰিব বুলি উল্লেখ কৰি যিটো গতিত তদন্ত চলি আছে জুবিন গাৰ্গে কেতিয়াও সঠিক ন্যায় নাপাব বুলি ডাঃ কলিতাই কয়।

গাড়ী ভাল হলেই নহব বুলি উল্লেখ কৰি ড্ৰাইভাৰো ভাল হব লাগিব অগপ নেতাগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তদন্তৰ সময়ত যিবিলাক কথা প্ৰকাশ হব নালাগে সেইবিলাক কথা প্ৰকাশ হৈ থকা কাৰ্যত ৰাইজৰ সন্দেহ জাগিছে বুলি উল্লেখ কৰি জুবিন গাৰ্গৰ ন্যায় পোৱাৰ স্বাৰ্থত সকলো কথা পৰিহাৰ কৰি নিৰপেক্ষ ভাবে তদন্ত কৰাৰ বাবে চিবিআই ৰ দ্বাৰা তদন্ত কৰা দাবী জনায়।

জুবিন গাৰ্গৰ ঘটনাকলৈ ৰাজনীতি কৰিব বিচৰাটো অতি দুৰ্ভাগ্য জনক কথা বুলি উল্লেখ কৰি বিজেপি। দলে জুবিনৰ নামত ৰাজনীতি কৰণ কৰিব বিচাৰিছে ৷ মানুহ ৰ মৃত্যুক লৈ বা অসম ৰাইজৰ আৱেগক লৈ ৰাজনীতি কৰিলে কেতিয়া সফল নহ'ব বুলিও কয়।

আনহাতে বাক্সাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ প্ৰচাৰ চলাই তেওঁ মিছাৰ আশ্ৰই লৈছে আৰু সেই কথা ৰাইজে বুজি পাইছে আৰু মুখ্য মন্ত্ৰীৰ চৰিত্ৰ বুজিবলৈ ৰাইজৰ বাকী নাই বুলিও অগপ নেতা গৰাকীয়ে কয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande