খটখটীত আৰক্ষীৰ তালাচীত ৩০০ কাৰ্টন অবৈধ সুৰাসহ ট্ৰাক জব্দ, চালক আটক
কাৰ্বিআংলং, ১৯ অক্টোবৰ (হি.স.)। খটখটীত আৰক্ষীৰ তালাচীত ৩০০ কাৰ্টন অবৈধ সুৰাসহ ট্ৰাক জব্দ, চালক আটক। অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত যোৱা নিশা আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ অবৈধ সুৰাসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক‌ কৰিবলৈ সক্ষম
খটখটীত আৰক্ষীৰ তালাচীত ৩০০ কাৰ্টন অবৈধ সুৰাসহ ট্ৰাক জব্দ, চালক আটক


কাৰ্বিআংলং, ১৯ অক্টোবৰ (হি.স.)। খটখটীত আৰক্ষীৰ তালাচীত ৩০০ কাৰ্টন অবৈধ সুৰাসহ ট্ৰাক জব্দ, চালক আটক। অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত যোৱা নিশা আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ অবৈধ সুৰাসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক‌ কৰিবলৈ সক্ষম হয়।

যোৱা নিশা খটখটী থানাৰ অন্তৰ্গত কালিৰামবস্তিৰ চাৰি লেনযুক্ত পথত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত গুৱাহাটীৰ পৰা মণিপুৰৰ দিশে গৈ থকা এ এছ ০১ টি চি ৬৮৪৭ নম্বৰৰ এইচাৰ ট্ৰাকখনত তালাচী চলায় ট্ৰাকখনৰ পৰা বিভিন্ন ব্ৰেন্ডৰ ৩০০ কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ কৰে।

কেৱল মেঘালয়ত বিক্ৰীৰ অনুমতি থকা বুজন পৰিমাণৰ সুৰাখিনি ট্ৰাক খনত বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ মাজত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰা হৈছিল। জব্দকৃত অবৈধ সুৰাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে।

ট্ৰাকখনৰ চালক গৰাকীয়েও সৰবৰাহ কৰি অনা সুৰা খিনিৰ কোনো বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। এই‌ সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাক খনৰ চালক কাৰ্বি আংলং জিলাৰ ফুলনিৰ আজাদ খাকলাৰীক আটক কৰি‌ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande