নলবাৰীৰ নাহেৰবাৰীত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৬ সংখ্যক মাইনাও খেৰাই মহোৎসৱ
নলবাৰী, ১৯ অক্টোবৰ (হি.স.)। নলবাৰী জিলা বাথৌ মহোৎসৱৰ উদ্যোগত নলবাৰীৰ নাহেৰবাৰীত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৬ সংখ্যক মাইনাও খেৰাই মহোৎসৱ। কালি বিভিন্ন কাৰ্যসূচী ৰূপায়ন অন্তত আজি পুৱাৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বড়ো জনগোষ্ঠীৰ লোকসকলে সমূহীয
নলবাৰীৰ নাহেৰবাৰীত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৬ সংখ্যক মাইনাও খেৰাই মহোৎসৱ


নলবাৰী, ১৯ অক্টোবৰ (হি.স.)। নলবাৰী জিলা বাথৌ মহোৎসৱৰ উদ্যোগত নলবাৰীৰ নাহেৰবাৰীত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৬ সংখ্যক মাইনাও খেৰাই মহোৎসৱ।

কালি বিভিন্ন কাৰ্যসূচী ৰূপায়ন অন্তত আজি পুৱাৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বড়ো জনগোষ্ঠীৰ লোকসকলে সমূহীয়া ভাবে প্ৰাৰ্থনা কৰে।

দুপৰীয়াৰ অনুষ্ঠিত হবলগীয়া মুকলি সভাত অংশ গ্ৰহণ কৰিব ট্ৰাইবেল সংঘৰ প্ৰাক্তন সম্পাদক থানেশ্বৰ বড়ো আৰু সদৌ বাথৌ মহাসভাৰ উপদেষ্টা খগেন ৰামচিয়াৰী।

উল্লেখযোগ্য যে মাইনাও খেৰাই বাথৌ ধৰ্মৰ পাঁচটা পৰ্বৰ ভিতৰৰ তিনি নম্বৰ পৰ্ব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande