ভূটানৰ পৰা বৈ অহা বিধ্বংসী বানে ছিঙি নিলে মথাউৰি
খহনীয়া অঞ্চল বিজ্ঞান সন্মত বান্ধ দিয়াৰ আহ্বান কোকৰাঝাৰ, ১৯ অক্টোবৰ (হি.স.)। ভূটানৰ পৰা বৈ অহা শেহতীয়া বিধ্বংসী বানে অসম বংগ সীমান্তৱৰ্তী গোসাঁইগাঁও ৰাজহ চক্ৰৰ দুই নম্বৰ গৰুমাৰাচৰৰ ছিঙি নিলে মথাউৰি। সোনকোষ নদীৰ পানীয়ে মথাউৰি ছিঙি নিয়াত বহু খেতি
ভূটানৰ পৰা বৈ অহা বিধ্বংসী বানে ছিঙি নিলে মথাউৰি


খহনীয়া অঞ্চল বিজ্ঞান সন্মত বান্ধ দিয়াৰ আহ্বান

কোকৰাঝাৰ, ১৯ অক্টোবৰ (হি.স.)। ভূটানৰ পৰা বৈ অহা শেহতীয়া বিধ্বংসী বানে অসম বংগ সীমান্তৱৰ্তী গোসাঁইগাঁও ৰাজহ চক্ৰৰ দুই নম্বৰ গৰুমাৰাচৰৰ ছিঙি নিলে মথাউৰি। সোনকোষ নদীৰ পানীয়ে মথাউৰি ছিঙি নিয়াত বহু খেতি পথাৰ পুতি পেলালে বালিৰে।

বিস্তাৰ ক্ষতি সাধন হৈছে শালি ধান আৰু শাক পাচলিৰ খেতি। শেহতীয়া নদীৰ বানপানীয়ে কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। দুই কিলোমিটাৰ নদী বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিলে খহনীয়াৰ পৰা ৰক্ষা পৰিব গাওঁখন। গাওঁবাসীয়ে চৰকাৰ আৰু জনসম্পদ বিভাগক খহনীয়া অঞ্চলত বিজ্ঞান সন্মত ভাবে বান্ধ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, ইতিমধ্যে গাওঁখনৰ বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী, কৃষি ভূমি সোনকোষ নদীৰ বুকুত বিলীন‌ হৈছে। চৰকাৰে গাঁওখনত মথাউৰিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গৰুমাৰাচৰৰ দ্বিতীয় খণ্ড গাঁওখন সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন যোৱাৰ আশংকাত ভূগিছে গাওঁবাসী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande