নলবাৰী, ১৯ অক্টোবৰ (হি.স.)। নলবাৰী বৰাজোলত আজি সংঘটিত হৈছে এক ভংয়কৰ পথ দুৰ্ঘটনা। জানিব পৰা অনুসৰি এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে প্ৰাণ গ'ল এজন লোকৰ।
পুৱাৰ পৰা নিশালৈ ঘগ্ৰাপাৰ - তামুলপুৰ পথত চলে শ শ ডাম্পাৰ। দীৰ্ঘদিনে ডাম্পাৰ চলাচলৰ ফলত জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। ইমানৰ পিছতো চকু মুদা কুলিৰ ভাৱত নলবাৰী পৰিবহণ বিভাগ তথা নলবাৰী প্ৰশাসনে।
আজি ঘগ্ৰাপাৰৰ পৰা তামুলপুৰ অভিমুখে গৈ থকা জি জে ২৩ এ ডব্লিউ ০২৫০G নম্বৰৰ ডাম্পাৰ খনে বৰাজোলৰ পৰা কিছু নিলগত পানবাৰীৰ চকত এজন লোকক খুন্দিয়াৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ। তাৰ পিছতেই উত্তেজিত ৰাইজে ডাম্পাৰ চালক জনক খেদি খেদি কৰায়ত্ত কৰি ঘগ্ৰাপাৰ আৰক্ষীক ঘটাই দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু