কামৰূপ, ১৮ অক্টোবৰ (হি.স.)। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দীঘলীয়া শাৰী।
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দীঘলীয়া শাৰী মিঠাতেল সংগ্ৰহৰ বাবে শাৰী পাতিলে একাংশ লোকে। দীপাৱলীৰ এই সময়ছোৱাত তীৰ্থনগৰী হাজোত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য।হাজোৰ ৰাইজলৈ দিপাৱলী উপলক্ষে আগবঢ়োৱা হৈছে সুলভ মূল্যত মিঠাতেল। শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল দীপাৱলীৰ বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে হাজোৰ ৰাইজৰ বাবে আগবঢ়াইছে প্ৰতি লিটাৰত ১০০ টকা মূল্যত।এইবেলি তিনি হাজাৰ লিটাৰ মিঠাতেল উলিয়াই দিয়া হৈছে গ্ৰাহকৰ মাজলৈ।
ইয়াকে লৈ মাধৱ মন্দিৰ চৌহদত পুৱাৰে পৰা দেখা গ'ল দীঘলীয়া শাৰী। বজাৰৰ পৰা এশ টকাতকৈও অধিক মূল্যত মিঠাতেল ক্ৰয় কৰাৰ বিপৰীতে হাজোৰ ৰাইজলৈ ৰেহাই মূল্যত মিঠাতেল প্ৰদান কৰাত ৰাইজ আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি মন্তব্য কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। উল্লেখ্য যে, প্ৰতিবছৰেই দিপাৱলীৰ এই সময়ত বন্তি জ্বলাবলৈ হাজোৰ ৰাইজলৈ ৰেহাই মূল্যত বিতৰণ কৰা হয় মিঠাতেল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা