নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। উত্তৰ ৰে’লৱেৰ জম্মু সংমণ্ডলে মাল পৰিবহণৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিছে। শুকুৰবাৰে গুজৰাটৰ খৰাঘোডা গুডছ চেডৰ পৰা ১৩৫০ টন উদ্যোগিক নিমখৰ প্ৰথমটো ৰে’লৰ চালান সফলতাৰে অনন্তনাগ গুডছ চেড (জম্মু-কাশ্মীৰ)ত উপস্থিত হয়। ২১টা বিচিএন ৱেগনত কঢ়িয়াই অনা এই চালানে কাশ্মীৰ উপত্যকাত ঔদ্যোগিক নিমখৰ ৰে’ল পৰিবহণৰ আৰম্ভণি কৰে।
ৰেলৱেৰ বিষয়াসকলৰ মতে, এই চালানটো টেনিং উদ্যোগ, চাবোন নিৰ্মাণ, ইটাৰ ভঁৰালৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই পদক্ষেপে নিৰ্ভৰযোগ্য আৰু অৰ্থনৈতিক ৰে’ল পৰিবহণৰ জৰিয়তে উপত্যকাটোক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।
ৰে’লযোগে ঔদ্যোগিক নিমখৰ যোগান পুনৰ আৰম্ভ হ’লে উপত্যকাটোত অত্যাৱশ্যকীয় সামগ্ৰীৰ অবিৰত উপলব্ধতা নিশ্চিত হ’ব, পৰিবহণ ব্যয় আৰু সময় দুয়োটা হ্ৰাস পাব, আৰু পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব। বিশেষকৈ প্ৰতিকূল বতৰৰ সময়ত যেতিয়া পথ সংযোগ প্ৰভাৱিত হয় তেতিয়া এই ব্যৱস্থা অত্যন্ত উপযোগী বুলি প্ৰমাণিত হ’ব।
জম্মু সংমণ্ডলৰ জ্যেষ্ঠ বিভাগীয় বাণিজ্যিক প্ৰবন্ধক উচিত সিংঘালে কয় যে এই চালানৰ আগমনে ভৱিষ্যতে এনেধৰণৰ মালবাহী যাতায়তক অধিক উৎসাহিত কৰিব, যাৰ ফলত গুজৰাট আৰু জম্মু-কাশ্মীৰৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব।
উল্লেখযোগ্য যে যোৱা কেইমাহমানৰ পৰা কাশ্মীৰ উপত্যকাত ৰে’লৱে মাল পৰিবহণৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি হৈছে। শেহতীয়াকৈ উপত্যকাৰ পৰা আপেলৰ প্ৰথম চালান ৰে’লযোগে দিল্লী আৰু অন্যান্য ৰাজ্যলৈ লৈ যোৱাৰ বিপৰীতে মাৰুতি বাহনকে ধৰি অন্যান্য উদ্যোগিক সামগ্ৰীও ৰে’লযোগে উপত্যকালৈ লৈ যোৱা হৈছে।
ভাৰতীয় ৰে’লৱেৰ এই পদক্ষেপসমূহ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ লজিষ্টিক নেটৱৰ্ক শক্তিশালী কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ, যিয়ে অঞ্চলটোৰ বাণিজ্য, উদ্যোগ, আৰু সাধাৰণ জনতাক একেদৰেই উপকৃত কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া