গোলাঘাট, ১৮ অক্টোবৰ (হি.স.)। বৰ্তমান সমগ্ৰ ৰাজ্যতে আজি কাতি বিহুৰ উৎযাপনৰ বাবে প্ৰস্তুতি চলাইছে তাৰ বিপৰীতে এখন ঘৰত উঠিছে কান্দোনৰ ৰোল । নিজৰ একমাত্ৰ সন্তানক হেৰুৱাই হিয়াঢাকুৰি কন্দিছে পিতৃ মাতৃয়ে। চকু পানীৰে বাট নেদেখা হৈছে । কৰ্মসূত্ৰে বহিঃ ৰাজ্যলৈ গৈছিল মেৰাপানীৰ ১ নং ওপতৰানিৰ অক্ষয় চুতীয়া ।
তামিলনাড়ুৰ চিংগেলপেঠ নামৰ স্থানত এটা ব্যক্তিগত কম্পানীত কৰ্মৰত আছিল অক্ষয়। যোৱা কালি ৪ বজাত মৃত্যুক সাৱটি লয় অক্ষয় চুতীয়া । জানিব পৰা অনুসৰি বিগত তিনি দিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল অক্ষয় চুতীয়া । যোৱাকালি তামিলনাড়ুৰ এখন চিকিতসালয়লৈ নিয়াৰ পথত অকাল মৃত্যুক সাৱটি লয় গোলাঘাটৰ যুৱক গৰাকী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ