ধুবুৰী, ১৮ অক্টোবৰ (হি.স.)। গৌৰীপুৰত অৰ্ধগলিত অৱস্থাত এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ। গেৰামাৰী পঞ্চম খণ্ডৰ তেলীপাৰাৰ পৰা উদ্ধাৰ মৃতদেহটো। ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। মৃতদেহটোৰ মুখমণ্ডল প্ৰায় গলি-পচি যোৱাৰ উপক্ৰম হৈছে।
গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে ইতিমধ্যে ধুবুৰী চিকিতসা মহাবিদ্য়ালয় হস্পিতাললৈ মৃতদেহটো প্ৰেৰণ কৰা হৈছে। মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে আৰক্ষী নিশ্চিত কৰিব মৃত যুৱক গৰাকীক হত্যা কৰা হৈছে নে আত্মহত্যা কৰিছে। মৃত যুৱক গৰাকীৰ পৰিচয় বিচাৰি বিভিন্ন থানাত মৃত যুৱক জনৰ ফটো প্ৰেৰণ কৰিছে গৌৰিপুৰ আৰক্ষী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা