গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত বিপিএফ দলৰ অন্তৰ্ভুক্তিয়ে এন ডি এক আৰু অধিক সৱল আৰু শক্তিশালী কৰি তুলিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই মত পোষণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰত বিপিএফ দলৰ প্ৰতিনিধিৰ অন্তৰ্ভুক্তিয়ে বিটিচি অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ পথ প্ৰশস্ত কৰিব বুলি বৰ্ণনা কৰি শইকীয়াই মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিপিএফ বিধায়ক চৰণ নাৰ্জাৰীক উষ্ম আধৰণি জনাই অভিনন্দন জ্ঞাপন কৰে।
বিটিচিৰ ৩৫ লক্ষাধিক জনতাৰ উন্নয়নৰ হকে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সহয়োগত নতুন পৰিষদখনে নিশ্চিতভাৱে ৰাইজলৈ সেৱা আগবঢ়াই সমগ্ৰ অঞ্চলটোৰ সমৱেশী বিকাশ সুনিশ্চিত কৰিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ শইকীয়াই আশা ব্যক্ত কৰে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে লগতে কয় যে, বিটিচি অঞ্চলৰ শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখি সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সমঅধিকাৰ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু বিটিচি চৰকাৰে একেলগে সমান প্ৰয়াসৰে আগবাঢ়িব। বিবৃতিটোত লগতে শইকীয়াই বিপিএফ দলৰ সন্মনীয় নেতৃবৰ্গ আৰু সকলো কাৰ্য্যকৰ্তাক নতুন পৰিষদখনৰ বাবে পুনৰ শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত গঢ়ি উঠা সামাজিক সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্য্যকৰ্তাই বিটিচিৰ উন্নয়নৰ হকে বিপিএফৰ কাৰ্য্যকৰ্তাৰ সৈতে কান্ধত কান্ধ মিলাই একেলগে কাম কৰি যাবলৈ ৰাজ্যিক সভাপতিয়ে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী