গোসাইগাঁও তেলিপাৰা টোলপ্লাজাত টোল টেক্স সংগ্ৰহৰ নামত ট্ৰাক ড্ৰাইভাৰক মাৰপিট কৰাৰ অভিযোগ
বহি:ৰাজ্যৰ মালবাহী ট্ৰাকৰ পৰা টোল টেক্স সংগ্ৰহৰ নামত ট্ৰাক ড্ৰাইভাৰক মাৰপিট কৰাৰ অভিযোগ।
গোসাইগাঁও তেলিপাৰা টোলপ্লাজাত টোল টেক্স সংগ্ৰহৰ নামত ট্ৰাক ড্ৰাইভাৰক মাৰপিট কৰাৰ অভিযোগ


কোকৰাঝাৰ, ১৮ অক্টোবৰ (হি.স.): অসম বংগ সীমান্তৰ গোসাঁইগাঁৱৰ তেলীপাৰাস্থিত টোল প্লাজাৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।গুণ্ডাৰূপী টোল কৰ্মীৰ প্ৰহাৰত আহত হৈছে সুদাৰচন দাস নামৰ এগৰাকী বহি:ৰাজ্যৰ মালবাহী ট্ৰাক ড্ৰাইভাৰ।

অভিযোগ মতে, আণ্ডাৰলোড ট্ৰাকৰ ৫ শতাংশ টোলটেক্স ৰেহাই নামানে তেলিপাৰা টোল প্লাজা কৰ্তৃপক্ষই। বহি:ৰাজ্যত ট্ৰাক আণ্ডাৰলোড হলেও অসমত সোমোৱাৰ লগে লগে ট্ৰাক অভাৰলোড হৈ পৰে। টোল প্লাজাত দিব লগা টোল টেক্সৰ দ্বিগুণ টকা গুণ্ডাৰ হতুৱাই বলপূৰ্বৰ ভাবে ধন লোৱাৰো অভিযোগ উঠি আহিছে । অতিৰিক্ত টকা নিদিলে দাবী ধমকি দি আক্ৰমণ কৰাৰ অভিযোগ আছে টোল প্লাজা কৰ্তৃপক্ষৰ বিৰুদ্ধে।বহি:ৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকসমূহ ৰাতি তিনি চাৰি ঘণ্টা ৰখাই অযথা হাৰাশাস্তি কৰাৰ কথা প্ৰকাশ কৰে ভুক্তভাগী ট্ৰাকৰ ড্ৰাইভাৰ সকলে।এনেদৰে নিয়মীয়াকৈ মুকলি ভাবে তেলীপাৰা টোল প্লাজাত চলি আছে অনিয়ম।

ইফালে ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম ড্ৰাইভাৰ মহাসংঘই টোল কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ চৰকাৰ, প্ৰসাশনক আহ্বান জনাইছে।দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ চৰকাৰ তথা প্ৰশাসনে এই টোল কৰ্মীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande