কাইলৈ ডিমৰীয়াবাসীয়ে জুবিন ক্ষেত্ৰত আয়োজন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া অনুষ্ঠান
গুৱাহাটী,১৮ অক্টোবৰ (হি.স.)। কাইলৈ ডিমৰীয়াবাসীয়ে জুবিন ক্ষেত্ৰত আয়োজন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া অনুষ্ঠান। দিনযোৰাকৈ অনুষ্ঠিত হ''ব বৰ্ণাঢ্য কাৰ্যসূচী। পুৱাৰ ভাগত ভাগৱৎ পাঠ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হব। তাৰ পিচতেই আমন্ত্ৰিত দল
কাইলৈ ডিমৰীয়াবাসীয়ে জুবিন ক্ষেত্ৰত আয়োজন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া অনুষ্ঠান


গুৱাহাটী,১৮ অক্টোবৰ (হি.স.)। কাইলৈ ডিমৰীয়াবাসীয়ে জুবিন ক্ষেত্ৰত আয়োজন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া অনুষ্ঠান। দিনযোৰাকৈ অনুষ্ঠিত হ'ব বৰ্ণাঢ্য কাৰ্যসূচী। পুৱাৰ ভাগত ভাগৱৎ পাঠ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হব।

তাৰ পিচতেই আমন্ত্ৰিত দলৰ দিহা নাম অনুষ্ঠিত হব। সন্ধিয়ালৈ শতাধিক বাঁহীবাদক সুৰৰ মূৰ্চনাত সৃষ্টি হ'ব মায়াবিনী পৰিৱেশ। সংগীত পৰিৱেশন কৰিব কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে।

অনুষ্ঠিত হ'ব ভাওনাৰ অনুষ্ঠান। জুবিন অনুৰাগীক শান্তি শৃংখলা বজাই ৰাখি জুবিন ক্ষেত্ৰলৈ আহিবলৈ আহ্বান ডিমৰীয়াবাসীৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande