শোণিতপুৰত চাৰিদুৱাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১২ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী
শোণিতপুৰ, ১৮ অক্টোবৰ (হি.স.)। শোণিতপুৰত চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা লাভ। চাৰিদুৱাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১২ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী। চুৰিকার্যৰ সৈতে জড়িত দুজনকৈ গভাইত চোৰকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। বালিপৰা বিদ্যুৎ সংমণ্ডলৰ নিয়ন্ত্ৰণ কক্ষৰপৰ
শোণিতপুৰত চাৰিদুৱাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১২ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী


শোণিতপুৰ, ১৮ অক্টোবৰ (হি.স.)। শোণিতপুৰত চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা লাভ। চাৰিদুৱাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১২ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী। চুৰিকার্যৰ সৈতে জড়িত দুজনকৈ গভাইত চোৰকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। বালিপৰা বিদ্যুৎ সংমণ্ডলৰ নিয়ন্ত্ৰণ কক্ষৰপৰা চুৰি হৈছিল প্ৰায় ১২ লাখ টকাৰ বিদ্যুৎৰ তাঁৰ।

নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ঢেকীয়াজুলীৰ পৰা চুৰি হোৱা তাঁৰ সহ দুজনকৈ চোৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰ এজন মৰিগাঁওৰ ইদুল ইছলাম আৰু এজন ঢেকীয়াজুলীৰ ৰাহুল সৰকাৰ বুলি জানিব পৰা গৈছে।তেওলোকে গোপনে চুৰি তাৰ খিনি গ্ৰাহকক বিক্ৰীৰ যোজা কৰি থাকোতে আৰক্ষীৰ হাতত কৰায়ত্ব হয়। অধিক তথ্য আহৰণৰ বাবে চোৰ দুজনক আৰক্ষী থানাত বৰ্তমান জেৰা চলাই থকা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande