শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰবাসী ৰাইজে উলহ মালহেৰে ৰাসলীলা মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে
শিৱসাগৰ, ১৮ অক্টোবৰ (হি.স.)। শৰত কালৰ ৰাত্ৰি অতি বিতোপণ, ৰাসলীলা কৰিতে কৃষ্ণৰ ভৈল মন। শৰৎ কালৰ আগমণৰ লগে লগে দূৰ্গা পূজা আৰু ইয়াৰ পিছতে ৰাসলীলা মহোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰবাসী ৰাইজেও
শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰবাসী ৰাইজে উলহ মালহেৰে ৰাসলীলা মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে


শিৱসাগৰ, ১৮ অক্টোবৰ (হি.স.)। শৰত কালৰ ৰাত্ৰি অতি বিতোপণ, ৰাসলীলা কৰিতে কৃষ্ণৰ ভৈল মন। শৰৎ কালৰ আগমণৰ লগে লগে দূৰ্গা পূজা আৰু ইয়াৰ পিছতে ৰাসলীলা মহোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰবাসী ৰাইজেও উলহ মালহেৰে ৰাসলীলা মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে।

জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৩০ খনতকৈ অধিক গাঁৱৰ ৰাইজে একেলগে উদযাপন কৰি অহা ৰাসলীলা এইবাৰ ৰূপালী জয়ন্তীৰ বৰ্ষত ভৰি দিছে। অহা ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে উদ্যোক্তাসকল। ইতিমধ্যে ৰাসলীলাৰ আখৰা আৰম্ভ হৈছে। শনিবাৰে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত ৰাসলীলা মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। খোল-তালৰ মাংগলিক ধ্বনি, গোপীসকলৰ নৃত্যৰে মুখৰিতৈ হৈ পৰে সমগ্ৰ পৰিৱেশ। উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ তথা ৰাসলীলাত অভিনয় কৰিবলগীয়া কলা-কুশলীসকলেও এই লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande