ধুবুৰী, ১৮ অক্টোবৰ (হি.স.): ধুুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ অঞ্চলত যোৱা কালি শুকুৰবাৰ নিশা সংঘটিত হৈছে এক ভয়াবহ পথ দূৰ্ঘটনা। এই ঘটনাত যুৱক এজনৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে শুকুবৰাৰে নিশা প্ৰায় ছয় বজাত গৌৰীপুৰৰ পৰা পানবাৰী অভিমুখে গৈ থকা নম্বৰ বিহীন বৈদ্যুতিকচালিত অটোৰিক্সা এখন আলমগঞ্জ অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুতি ঘটি দূৰ্ঘটনাত পতিত হয়। ফলত অটোৰিক্সা খনৰ যাত্ৰী হিচাপে থকা যুৱক এজনৰ থিতাতে মৃত্যু হয়। পাছত ৰাইজে মৃত যুৱক জনৰ লগত থকা বেগ এটাৰ পৰা যুৱক জন বাবুৰ আলগা অঞ্চলৰ আবুল কালামৰ লৰা আবু খেয়ৰ বুলি চিনাক্ত কৰে বুলি জানিব পৰা গৈছে।
আনহাতে দূৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজে উত্তেজনাৰ সৃষ্টি কৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দূৰ্ঘটনাগ্ৰস্ত অটোৰিক্সা খন জব্দ কৰি থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ