মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ মুকলি
Assam, 18 অক্টোবৰ (হি.স.)। আজিৰে পৰা পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি হ''ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ বনাঞ্চল । দেশী-বিদেশী পৰ্যটকৰ লগতে অগৰাতলি বনাঞ্চল মুকলি অনুষ্ঠানত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ
মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ মুকলি


Assam, 18 অক্টোবৰ (হি.স.)। আজিৰে পৰা পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ বনাঞ্চল । দেশী-বিদেশী পৰ্যটকৰ লগতে অগৰাতলি বনাঞ্চল মুকলি অনুষ্ঠানত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে একাংশ জাৰ্মানীৰ পৰ্যটক উপস্থিত থাকে । মন্ত্ৰী অতুল বৰাই ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যান খন আনুষ্ঠানিক ভাবে মুকলি কৰাৰ পিছত দেশী বিদেশী পৰ্যটকৰ লগতে মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই জীপ ছাফাৰীৰে পৰিভ্ৰমণ কৰে বনাঞ্চলৰ অন্তঃভাগত ।

বিশেষকৈ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চললৈ এইবছৰো অভিলেখ সংখ্যক পৰ্যটকৰ আগমণ হ'ব বুলি আশা কৰিলে মন্ত্ৰী অতুল বৰাই । লগতে কঙালী হ'লেও হেপাহৰ কাতি বিহুৰ শুভেচ্ছা জনায় ৷ অগৰাতলি বনাঞ্চল পৰিদৰ্শনৰ পিছতে অগৰাতলি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি ভৱনত আয়োজিত সভাত অংশ গ্ৰহণ কৰি মহিলা সকলে মেটেকাৰে উৎপাদন কৰা তাঁতশাল বৈ চোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ পৰিদৰ্শন কৰে ৷ জাৰ্মানীৰ পৰ্যটকে অসম তথা কাজিৰঙালৈ আহি আনন্দিত হোৱা বুলি মন্তব্য কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande