ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগ সন্দৰ্ভত জাননী প্ৰকাশ
গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগ সন্দৰ্ভত জাননী প্ৰকাশ কৰা হৈছে। জাননীত উল্লেখ কৰা অনুসৰি এজনীয়া তদন্ত আয়োগে জুবিন গাৰ্গৰ মৃ্ত্যুৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি তদন্
ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগ সন্দৰ্ভত জাননী প্ৰকাশ


গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগ সন্দৰ্ভত জাননী প্ৰকাশ কৰা হৈছে। জাননীত উল্লেখ কৰা অনুসৰি এজনীয়া তদন্ত আয়োগে জুবিন গাৰ্গৰ মৃ্ত্যুৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি তদন্ত কৰাৰ লগতে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সময়ছোৱাত সংঘটিত পৰিঘটনাসমূহৰ ক্ৰম নিৰ্ণয় কৰিব।

ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানৰ গাফিলতি সন্দৰ্ভতো আয়োগে পৰীক্ষা কৰিব। ইয়াৰ লগতে ষড়যন্ত্ৰ অথবা কোনো বাহ্যিক কাৰকে ঘটনাত অৰিহণা যোগাইছিল নেকি শইকীয়া আয়োগে নিৰ্ণয় কৰিব। জাননী অনুসৰি চানমাৰিৰ খাদী ব’ৰ্ডৰ তদন্ত আয়োগৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল কৰিব পাৰিব জবানবন্দী। দেওবাৰৰ বাহিৰে ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ দিব পাৰিব জবানবন্দী।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande