বৰপেটা, ১৮ অক্টোবৰ (হি.স.)। চৰম অৰাজৰতাৰে চলিছে বৰপেটাৰ চেঙাৰ কাছুমাৰা ৰাজ্যিক চিকিৎসালয়।চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ অন্যতম অনুষ্ঠান খনত প্ৰায়ে উপস্থিত নাথাকে চিকিৎসক কিম্বা নাৰ্ছ। ফলত চিকিৎসা সেৱা বিচাৰি অহা ৰোগী সকলে বিমূখ মনে বিনা চিকিৎসাই যাব লগা হয় ওভতি।স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকীকৈ চিকিৎসক আছে যদিও প্ৰায়ে চিকিৎসালয় খনত এজনো চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছে।
তদুপৰি চিকিৎসালয় খনত নাই পৰ্যাপ্ত সা সুবিধা আৰু ৰোগী অনুপাতে ঔষধৰো নাটনি। মুঠৰ ওপৰত এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই চিকিৎসালয় খন।।লক্ষাধিক লোকৰ স্বাস্থ্য সেৱাৰ অন্যতম কেন্দ্ৰটোৰ প্ৰতি নূন্যতম গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰো।নিজ খেয়াল খুচিমতে চিকিৎসকে চলাইছে চিকিৎসালয় খন। শুকুৰবাৰে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিৎসকক উপস্থিত নাপাই ৰোগী আৰু সচেতন ৰাইজে অভিযোগ উত্থাপন কৰে। ফলত চিকিৎসা সেৱাৰ পৰা বঞ্চিত ৰোগী সকলে ক্ষুব্ধ হোৱা পৰিলক্ষিত হৈছে। শীঘ্ৰেই চিকিৎসালয় খনত চিকিৎসক নাৰ্চৰ নিয়মীয়া উপস্থিতি আৰু পৰ্যাপ্ত সা সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ