বাক্সা, ১৮ অক্টোবৰ (হি.স.)। বাক্সাৰ নিকাছিত বুধবাৰে সংঘটিত ঘটনাৰ সৈতে জড়িত ৪ গৰাকীলোকক যোৱাকালি ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত আজি পুনৰ পাচ গৰাকী লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বাক্সা জিলা আৰক্ষী অধিক্ষকে জনোৱা মতে কালি কাদেৰ আলি,ৰমিজ আলি। আহেলা মিয়া আৰূ চালামুন আলিক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ ৰাচিম আলি।
চাৰুফ আলি।নৱৰাজ গৌতম।বিদ্যুৎ ছেত্ৰী। নাচিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সিদিনাৰ অনাকাংক্ষিত ঘটনাৰ সৈতে জডিত থকা বাবে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। বুধবাৰৰ ঘটনাৰ সৈতে জডিত কেবাগৰাকীক ও চিনাক্ত কৰাৰ কথা কয় জিলা আৰক্ষী অধিক্ষক উজ্জল প্ৰতীম বৰুৱাই। আজিলৈ ন গৰাকী গ্ৰেপ্তাৰ কৰা বিপৰিতে চিনাক্ত কৰা আন সকল পলাই থকাৰ কথা কয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা