অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ সালসলনি
গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। অসম চৰকাৰে আৰক্ষী বিভাগত বৃহৎ প্ৰশাসনিক সালসলনি ঘটাইছে। ৰাজ্যত জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছ এছ পি), আৰক্ষী অধীক্ষক (এছ পি) আৰু আৰক্ষী উপ আয়ুক্ত (ডি চি পি) পৰ্যায়ৰ মুঠ ৩৬জন বিষয়াক বদলি কৰা হৈছে। এই নিৰ্দেশ অনুসৰি শিৱস
Assam police


গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। অসম চৰকাৰে আৰক্ষী বিভাগত বৃহৎ প্ৰশাসনিক সালসলনি ঘটাইছে। ৰাজ্যত জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছ এছ পি), আৰক্ষী অধীক্ষক (এছ পি) আৰু আৰক্ষী উপ আয়ুক্ত (ডি চি পি) পৰ্যায়ৰ মুঠ ৩৬জন বিষয়াক বদলি কৰা হৈছে।

এই নিৰ্দেশ অনুসৰি শিৱসাগৰৰ এছ এছ পি পাৰ্থ প্ৰতিম দাসক কাছাৰ জিলাৰ এছ এছ পি হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে লীনা দলেইক শিৱসাগৰৰ এছ এছ পি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে দলেইক অনুশাসনমূলক ব্যৱস্থাৰ অংশ হিচাপে ধুবুৰীৰ পৰা বদলি কৰা হৈছিল। দেৱাশীষ বৰা এতিয়া ধুবুৰীৰ এছ এছ পি হ’ব।

কাছাৰৰ এছ এছ পি নোমল মহত্তক কোকৰাঝাৰলৈ বদলি কৰাৰ বিপৰীতে কোকৰাঝাৰৰ এছ এছ পি পুষ্পৰাজ সিঙক শিৱসাগৰলৈ প্ৰেৰণ কৰা হৈছে। শিৱসাগৰৰ এছ এছ পি শুভ্ৰাজ্যোতি বৰাক যোৰহাটৰ এছ এছ পি হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে যোৰহাটৰ এছ এছ পি শ্বেতংক মিশ্ৰক চতুৰ্থ এ পি বেটেলিয়নলৈ প্ৰেৰণ কৰা হৈছে।

ডিমা হাচাওৰ এছ এছ পি মায়ংক কুমাৰক তিনিচুকীয়ালৈ বদলি কৰাৰ বিপৰীতে ডিমা হাচাওৰ নতুন এছ এছ পি হিচাপে এ আই জি ৰিপুঞ্জয় কাকতি নিযুক্তি দিয়া হৈছে।

বিশ্বনাথৰ এছ এছ পি সুভাষী বৰুৱাক শিৱসাগৰৰ এছ এছ পি হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে বজালীৰ এছ এছ পি এ বসুমতাৰীক বিশ্বনাথৰ এছ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে।

গুৱাহাটী আৰক্ষীৰ ডিচিপি (কেন্দ্ৰীয়) অমিতাভ বসুমতাৰীক ডিচিপি (পশ্চিম) হিচাপে নিযুক্তি দিয়া হৈছে, আৰু এডিচিপি (কেন্দ্ৰীয়) সম্ভৱ মিশ্ৰক ডিচিপি (কেন্দ্ৰীয়)ৰ দায়িত্ব দিয়া হৈছে। বৰ্তমানৰ ডিচিপি (পশ্চিম) পদ্মনাভ বৰুৱাক জ্যেষ্ঠ আৰক্ষী অধীক্ষক (সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক) হিচাপে নিযুক্তি দিয়া হৈছে।

তদুপৰি কাৰ্বি আংলঙৰ এছ এছ পি হিচাপে পুষ্পৰাজ সিঙক নিযুক্তি দিয়াৰ বিপৰীতে কাৰ্বি আংলঙৰ এছ এছ পি সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপ জিলালৈ বদলি কৰা হৈছে।

ৰাজ্য চৰকাৰে আৰক্ষী বাহিনী শক্তিশালী কৰাৰ লগতে আইন-শৃংখলা অধিক ফলপ্ৰসূ কৰাৰ লক্ষ্যৰে এই ব্যাপক সালসলনি ঘটাইছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande