গোলাঘাট, ১৮ অক্টোবৰ (হি.স.)। আজি কাতি বিহু। অসমীয়া মানুহৰ সমাজ জীৱনৰ অন্যতম এই বিহু । কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় । বোকাখাত সমজিলা কৃষি বিভাগে কমাৰগাঁৱৰ মহুৰা পথাৰত সামূহিক ভাৱে আজি কাতি বিহু উদযাপন কৰিব য'ত উপস্থিত থাকিব স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা ৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে । অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় ।
কাতি বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায় । ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলাই লগতে আকাশ বন্তিয়ো জ্বলোৱা হয় । কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে । ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা