শিৱসাগৰ, ১৮ অক্টোবৰ (হি.স.)। শিৱসাগৰ জিলাৰ বকতা ১নং কৰঙা গাৱঁত কাতি বিহু উদযাপন ৷ গাওঁ খনৰ প্ৰায় ১২০ ঘৰ থকা লোক সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি তুলসী তলত চাকি বন্তি জলাই কাতি বিহু পালন গাৱঁৰ বোৱাৰী সকলে ৷ আজি কাতি বিহু । প্ৰাণৰ শিল্পী জুবিন বিহীন কাতি বিহু । বিহু মানেই জুবিন । চিংগাপুৰত ৰহস্যজনক মহাপ্ৰয়ানত শোকস্তব্ধ অসমবাসী । ন্যায়ৰ অপেক্ষাত অনুৰাগী ।
অসমীয়াৰ বাপতি সাহোনৰ বিহুতো নাই উচাহ । কেৱল মাত্ৰ লখিমী আইক সেৱা আদৰা এই পৰম্পৰা ৰক্ষা কৰি পথাৰত মহিলা সকলে বন্তি জ্বলাই লক্ষী আইৰ আশিষ বিছাৰে । তুলসীৰ তলত বন্তি জ্বলাই লক্ষী দেৱী আদৰাৰ লগতে প্ৰিয় শিল্পী গৰাকীকো স্মৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা