অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ অন্যতম কাতি বিহু পালন
গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। অসমীয়া জাতীয় জনজীৱনৰ সৈতে ওতঃপ্ৰোতভাবে সাঙোৰ খাই থকা তিনিটা বিহুৰ ভিতৰত অন্যতম কাতি বিহু আজি শনিবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই কাতি বিহুৰ কৃষকৰ সৈতে ওতঃপ
কাতি বিহু


গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। অসমীয়া জাতীয় জনজীৱনৰ সৈতে ওতঃপ্ৰোতভাবে সাঙোৰ খাই থকা তিনিটা বিহুৰ ভিতৰত অন্যতম কাতি বিহু আজি শনিবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।

এই কাতি বিহুৰ কৃষকৰ সৈতে ওতঃপ্ৰোতঃ সম্পৰ্ক আছে ৷ ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়া চহা কৃষিজীৱী ৰাইজে আজি উদযাপন কৰিছে কাতি বিহু৷ কাতি বিহুৰ সৈতে সাঙোৰ খাই আছে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতি ৷ বিভিন্ন কৃষি সম্পৰ্কীয় জনবিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড়ভাবে জড়িত হৈ আছে ৷ আহিন কাতি মাহতেই শালি খেতিৰ শস্যই থোৰ মেলি ধানৰ গেৰ পেলায় ৷ এই সময়ছোৱাত পোক-পতংগই খেতিডৰা নষ্ট নকৰিবৰ ববে এই বিহুত লোকাচাৰ পালন কৰি আহিছে ৷ এই কাতি বিহুত পথাৰত সন্ধিয়া চাকি জ্বলাই কৃষকে লখিমী দেৱীৰ আশীৰ্বাদ লয় যাতে গোটেই বছৰটো ভঁৰাল ভৰি থাকে ৷ অসমীয়াৰ মনত ধান হ'ল লক্ষ্মী দেৱীৰ এক ৰূপ ৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই আশীৰ্বাদ লয়। কাতি বিহুৰ দিনা সুন্দৰকৈ ভেটি সাজি তুলসী গছৰ গুৰিত সন্ধিয়া মাহ-প্ৰসাদ আদি নৈবদ্য আগবঢ়োৱা হয় ৷ কাৰোবাৰ ঘৰত তুলসীৰ গছ নাথাকিলেও উক্ত দিনটোত এটা পুলি কাৰোবাৰ ঘৰৰ পৰা আনি ৰোপণ কৰি চাকি দিয়ে ৷ ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে মহানগৰীতো পালন কৰা হৈছে কাতি বিহু। চাকি দিবলৈ ধাননি পথাৰ নাথাকিলেও ঘৰতে পালন কৰিছে কাতি বিহু। বজাৰত উভৈনদী হৈ পৰা সামগ্ৰীৰে চোতালত বা টাবত তুলসী পুলি ৰোপন কৰি চাকি বন্তি জ্বলাই অসমীয়াই পালন কৰিছে কাতি বিহু। বজাৰত সকলো বস্তুৱে এতিয়া মহঙা হৈ পৰিছে যদিও কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে পণ কৰি অহা অসমীয়াই প্ৰতিবাৰৰ দৰেই এইবেলিও বহু আশাৰ সপোন ৰচি পালন কৰিছে আদৰৰ কাতি বিহু।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande