ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়া চহা কৃষিজীৱী ৰাইজে আজি উদযাপন কৰিছে কাতি বিহু
ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়া চহা কৃষিজীৱী ৰাইজে আজি উদযাপন কৰিছে কাতি বিহু৷
ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়া চহা কৃষিজীৱী ৰাইজে আজি উদযাপন কৰিছে কাতি বিহু


শিৱসাগৰ ১৮ অক্টোবৰ (হি.স.):আজি কাতি বিহু। আহিন কাতি মাহৰ সংক্ৰান্তিত প্ৰতিগৰাকী অসমীয়াই উদযাপন কৰে কাতি বিহু৷ এই কাতি বিহুৰ কৃষকৰ সৈতে ওতঃপ্ৰোতঃ সম্পৰ্ক আছে ৷ ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়া চহা কৃষিজীৱী ৰাইজে আজি উদযাপন কৰিছে কাতি বিহু৷

ইফাল কাতি বিহুৰ দিনা সন্ধিয়ালৈ তুলসীৰ তলত, ধাননি পথাৰত চাকি বন্তি প্ৰজ্বলন কৰিব অসমীয়া চহা কৃষিজীৱী ৰাইজে ৷ আনহাতে অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক হেৰুৱাই প্ৰতিগৰাকী অসমীয়া বৰ্তমানেও শোকত ম্ৰিয়মাণ ৷ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক স্মৰণ কৰি প্ৰতিগৰাকী চহা অসমীয়া কৃষিজীৱী ৰাইজে এইবাৰ কাতি বিহু উদযাপন কৰিব ৷ কাতি বিহুৰ উদযাপনৰ সমান্তৰালভাৱে তুলসী গছৰ কাষতে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক জনাইছে শ্ৰদ্ধাঞ্জলী ৷ কাতি বিহুৰ সন্ধিয়ালৈ উদযাপন কৰাৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত ন্যায় বিচাৰিছে প্ৰতিগৰাকী অসমীয়াই৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande