আজি কাতি বিহুৰ সমান্তৰালকৈ ধনতেৰাচ
আজি কাতি বিহুৰ সমান্তৰালকৈ ধনতেৰাচ।
আজি কাতি বিহুৰ সমান্তৰালকৈ ধনতেৰাচ


বিশ্বনাথ ১৮ অক্টোবৰ (হি.স.): আজি কাতি বিহুৰ সমান্তৰালকৈ ধনতেৰাচ। ধনতেৰাচ হৈছে এটি পবিত্ৰ দিন । কালী মাক লক্ষ্মীৰ ৰূপত পূজা অৰ্চনা কৰা হয় । পৰম্পৰা অনুসৰি ধনতেৰাচৰ দিনটোত কমলফুল, কড়ি, গোমটিচক্ৰ, হালধী, গোটা ধনীয়া, ঝাড়ু, সোণ, ৰূপ আদি ক্ৰয় কৰা হয়। বিশ্বাস যে এই সমূহ ক্ৰয় কৰিলে গৃহত লক্ষীয়ে বাস কৰে, অৰ্থনৈতিক সমস্যা দূৰ হয় । গহপুৰৰ বজাৰ সমূহত দেখা গ'ল ধনতেৰাচৰ দিনটোত গ্ৰাহকৰ সমাগম।

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande