দক্ষিণ শালমাৰা মানকাচৰ জিলা উন্নয়ন মঞ্চ, জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ যৌথ উদ্যোগত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন
গৰাখহনীয়া অঞ্চল সমূহ প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ‌ আহ্বান জনায় সংগঠন দুটাই মানকাচৰ, ১৮ অক্টোবৰ (হি.স.)। আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা উন্নয়ন মঞ্চ আৰু জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ যৌথ উদ্যোগত এটি সজাতি দলে বান
দক্ষিণ শালমাৰা মানকাচৰ জিলা উন্নয়ন মঞ্চ, জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ যৌথ উদ্যোগত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন


গৰাখহনীয়া অঞ্চল সমূহ প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ‌ আহ্বান জনায় সংগঠন দুটাই

মানকাচৰ, ১৮ অক্টোবৰ (হি.স.)। আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা উন্নয়ন মঞ্চ আৰু জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ যৌথ উদ্যোগত এটি সজাতি দলে বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে। ৰাজ্যিক গমদেজাপৰ উপ-সভাপতি ইমদাদুল ইছলাম মণ্ডল মণিয়ে কয় যে এই অঞ্চলসমূহৰ পৰা ইতিমধ্যে ২০০ খন ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে এনেকি হেজাৰ হেজাৰ কৃষি ভূমি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ গৈছে।

এতিয়াৰ পৰা চৰকাৰে যদি প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেন্তে এই অঞ্চল সমূহ অচিৰেই সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ যাব সেয়া নিশ্চিত আৰু ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াৰ ফলত অঞ্চল সমূহৰ ৰাইজৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে চৰকাৰে যদি এতিয়াৰ পৰা প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেনেহলে যিকোনো মূহুৰ্তত বিধ্বস্ত হ'ব পাৰে জিলা খনৰ প্ৰায় অঞ্চল। সেয়েহে এই অঞ্চল সমূহ ৰক্ষা কৰিবলৈ স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।

আজিৰ এই গৰাখহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত সজাতি দলটোত উপস্থিত থাকে ৰাজ্যিক গ.ম.দে.জা.পৰ উপ-সভাপতি ইমদাদুল ইছলাম মণ্ডল মণিয় ; জাহাংগীৰ আলম মণ্ডল; নাসিৰ উদ্দিন আহমেদ; জিলা উন্নয়ন মঞ্চৰ তৰপৰ পৰা আয়সা খাতুন ; জৈষ্ঠ সাংবাদিক হানিফ আলি আহমেদ ; জৈষ্ঠ সাংবাদিক মহিবুল মণ্ডল আদি প্ৰমুখ্যে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande