নুমলীগড়ত নলাত পৰি হাতী পোৱালীৰ মৃত্যু
গোলাঘাট, ১৮ অক্টোবৰ (হি.স.)। নুমলীগড়ত নলাত পৰি হাতী পোৱালীৰ মৃত্যু। এমাহত বন্যহস্তীৰ দুটাকৈ পোৱালিৰ মৃত্যু। গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ শ্যামৰাইপুৰত চাহ বাগিচাৰ নলাত পৰি এটা বন্যহস্তীৰ পোৱালিয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে মুৰফুলনী খণ্ড বন কা
নুমলীগড়ত নলাত পৰি হাতী পোৱালীৰ মৃত্যু


গোলাঘাট, ১৮ অক্টোবৰ (হি.স.)। নুমলীগড়ত নলাত পৰি হাতী পোৱালীৰ মৃত্যু। এমাহত বন্যহস্তীৰ দুটাকৈ পোৱালিৰ মৃত্যু।

গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ শ্যামৰাইপুৰত চাহ বাগিচাৰ নলাত পৰি এটা বন্যহস্তীৰ পোৱালিয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়াৰ সহিতে এটা বন বিভাগৰ দল উপস্থিত হৈ হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এই সময়ছোৱাত মাতৃ হাতীয়ে উক্ত স্থান ত্যাগ নকৰি উদ্ধাৰ কাৰ্যত ব্যৱহৃত জেচিবিক চোঁচা লৈ মাতৃ মমতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে।

হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা জিলা খনত বন্যহস্তীৰ সুৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। উল্লেখযোগ্য যে গোলাঘাটৰ উক্ত মৰঙি অঞ্চলত এনেদৰে চাহ বাগিচাৰ নলাত পৰি আহত হোৱা এটা বন্যহস্তীৰ পোৱালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই উন্নত চিকিৎসাৰ বাবে যোৱা ১১ অক্টোবৰত নিছিল যদিও গুৰুতৰভাৱে অসুস্থ হাতী পোৱালিটোৰ মৃত্যু হৈছিল। আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈ হাতীৰ পোৱালীৰ মৃত্যু হোৱাত বন বিভাগৰ ভূমিকাক সহজভাৱে ল'ব পৰা নাই প্ৰকৃতিপ্ৰেমী মহলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande