গুৱাহাটী,১৮ অক্টোবৰ(হি.স.)। ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ আজি সম্প্ৰসাৰণ ঘটোৱা হ'ল । বিপিএফৰ এগৰাকী সদস্যক নতুন মন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত অন্তৰ্ভূক্তি কৰা হয়। বিটিচিৰ পৰিবৰ্তিত ৰাজনীতিৰ অংশ হিচাপে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত পৰিবহন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োই৷
ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱায়। বি পি এফৰ দলৰ পৰা সংবাদ মাধ্যমক অবগত কৰা অনুসৰি চৰণ বড়োৰ বাবে পৰিবহন বিভাগটো বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
উল্লেখ্য যে, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ বিধায়ক চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ লগে লগে বি জে পি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ হৈ ক্ষমতাৰো অংশীদাৰ পৰিল বি পি এফ ৷ অসমৰ শাসকীয় বিজেপি মিত্ৰ জোত চৰকাৰৰ শেহতীয়া মিত্ৰতাই ৰাজ্যৰ ৰাজনীতিৰ নতুন সমীকৰণ বহন কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ