কাতি বিহুৰ দিনটোতে সৰভোগত অগ্নিকাণ্ড
বৰপেটা, ১৮ অক্টোবৰ (হি.স.)। কাতি বিহুৰ দিনটোতে সৰভোগত অগ্নিকাণ্ড। বৰপেটা জিলাৰ সৰভোগৰ দহলাপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ দহলাপাৰা চ''কত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৫ খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফ
কাতি বিহুৰ দিনটোতে সৰভোগত অগ্নিকাণ্ড


বৰপেটা, ১৮ অক্টোবৰ (হি.স.)। কাতি বিহুৰ দিনটোতে সৰভোগত অগ্নিকাণ্ড। বৰপেটা জিলাৰ সৰভোগৰ দহলাপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ দহলাপাৰা চ'কত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৫ খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত জয়ন্ত নাথৰ এখন ষ্টেচনেৰী দোকান, মুস্তাফা আহমেদৰ কাপোৰ চিলাইৰ দোকান, ভূপেন দাসৰ ফাৰ্মাচী, জয়ন্ত দাসৰ ষ্টেচনেৰী দোকান আৰু এখন খালী দোকান সহ পাঁচখন দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়।

স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগে লগে সৰভোগস্থিত অগ্নিনির্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।

ফলত আন কেইবাখনো দোকান অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। সন্দেহ কৰা অনুসৰি বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে উক্ত ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত কেইবা লাখ টকাৰ ক্ষয় ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande