অসমতো আগন্তুক চিজনৰ পৰা অনুষ্ঠিত হব 'অসম প্ৰিমিয়াৰ লীগ'
বৰপেটা, ১৮ অক্টোবৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুকৰণত অসমতো আগন্তুক চিজনৰ পৰা অনুষ্ঠিত হব ''অসম প্ৰিমিয়াৰ লীগ'। বৰপেটাত আজি এই কথা সদৰি কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই । বৰপেটাত অসম ক্ৰিকেট সন্থা
অসমতো আগন্তুক চিজনৰ পৰা অনুষ্ঠিত হব 'অসম প্ৰিমিয়াৰ লীগ'


বৰপেটা, ১৮ অক্টোবৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুকৰণত অসমতো আগন্তুক চিজনৰ পৰা অনুষ্ঠিত হব 'অসম প্ৰিমিয়াৰ লীগ'।

বৰপেটাত আজি এই কথা সদৰি কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই ।

বৰপেটাত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰি থকা ক্ৰিকেট একাডেমীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহন কৰি দেৱজিৎ শইকীয়াই এই কথা সদৰি কৰে ।

বিচিচিআই ৰ সম্পাদক গৰাকীয়ে ভাৰতৰ ক্ৰিকেট ক্ষেত্ৰখনক লৈ যথেষ্ট পৰিকল্পনা থকাৰ কথা প্ৰকাশ কৰে । ইপিনে মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে দুখন খেলৰ বাদে আটাইকেইখন খেলতে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে দেৱজিৎ শইকীয়াই ।

ইপিনে বৰপেটাত নিৰ্মীয়মান চেটেলাইট ক্ৰিকেট একাডেমীখন আগন্তুক দুমাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে । একাডেমীখন সম্পূৰ্ণ হৈ উঠিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ বিভিন্ন খেলসমূহ অনুস্থিত কৰা হব বুলিও তেওঁ প্ৰকাশ কৰে ।

ইপিনে বৰপেটাৰ পৰা কেবাজনো প্ৰতিভাসম্পন্ন খেলুৱৈ সৃষ্টি হৈছে আৰু তেওলোকক ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ শইকীয়াই আহ্বান জনায়।

দেৱজিৎ শইকীয়াই প্ৰায় নিৰ্মাণ সম্পূর্ণ হোৱা ক্ৰিকেট একাডেমীখনৰ চৌদিশে ঘুৰি পকি পৰিদৰ্শন কৰে ।‌

আজিৰ কাৰ্যসূচীত শইকীয়াক বৰপেটা জিলা ক্ৰীড়া সন্থাৰ পৰা সম্বৰ্ধনা জনোৱা হয়।‌ এই অনুষ্ঠানতে অসম ক্ৰিকেট সন্থাৰ নবনিযুক্ত সম্পাদক সনাতন দাসকো বৰপেটা জিলাৰ বহু দল- সংগঠনে সম্বৰ্ধনা জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande