গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু আৰু ধনতেৰাছৰ শুভ ক্ষণ উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে কাতি বিহু হৈছে অসমৰ চহকী লোক পৰম্পৰা আৰু বিশ্বাসত শিপাই থকা, খেতিপথাৰ আৰু গ্ৰাম্য জীৱনৰ ছন্দৰ সৈতে গভীৰভাৱে জড়িত এক কৃষি উৎসৱ। তুলসী গছজোপাৰ তলত আৰু পথাৰত বন্তি প্ৰজ্বলনে সকলোৰে জীৱন আলোকিত কৰি সমৃদ্ধি কঢ়িয়াই আনিবলৈ প্ৰাৰ্থনা কৰে।
ধনতেৰাছ উপলক্ষে মুখ্যমন্ত্রীয়ে সকলোকে সুস্বাস্থ্য, সমৃদ্ধি, সৌভাগ্য কামনা কৰে৷ তেওঁ আশা প্ৰকাশ কৰে যে এই পবিত্ৰ উৎসৱে প্ৰতিটো পৰিয়াললৈ সুখ, শান্তি, উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া