কাছাৰৰ কালাইন‌ গুমৰা বজাৰত দিনৰ পোহৰতে ২ যুবকৰ ওপৰত চোকা অস্ত্ৰৰে মাৰাত্মক আক্ৰমণ
কাছাৰ, ১৮ অক্টোবৰ (হি.স.)। কাছাৰৰ কালাইন আৰক্ষী থানাৰ অন্তৰ্গত জালালপুৰ নিশচিন্তপুৰৰ ২ জন যুৱক উপৰ চোকা অস্ত্ৰ দি আক্ৰমণ কৰে এজন দুষ্কৃতকারী। আক্রমণ কারী যুবকৰ নাম পাৰুল আহমদ।‌ গুৰুতৰভাৱে আহত যুৱককেইজনক প্ৰথমতে কালাইন হাস্পতালত লৈ যোৱা হয় পিছত তে
কাছাৰৰ কালাইন‌ গুমৰা বজাৰত দিনৰ পোহৰতে ২ যুবকৰ ওপৰত চোকা অস্ত্ৰৰে মাৰাত্মক আক্ৰমণ


কাছাৰ, ১৮ অক্টোবৰ (হি.স.)। কাছাৰৰ কালাইন আৰক্ষী থানাৰ অন্তৰ্গত জালালপুৰ নিশচিন্তপুৰৰ ২ জন যুৱক উপৰ চোকা অস্ত্ৰ দি আক্ৰমণ কৰে এজন দুষ্কৃতকারী। আক্রমণ কারী যুবকৰ নাম পাৰুল আহমদ।‌ গুৰুতৰভাৱে আহত যুৱককেইজনক প্ৰথমতে কালাইন হাস্পতালত লৈ যোৱা হয় পিছত তেওঁ লোকৰ অৱস্থা সংকটজনক থকাৰ বাবে আহত যুৱক দুই জনক শিলচৰ মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰা হয়।

চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ বিবৰণ অনুসৰি জানিব পৰা গৈছে যে কিছুদিন পূৰ্বে দিলৱাৰ হুছেইন নামৰ এজন যুৱক গাঁৱত ৰাতি পাহাৰাদাৰ হিচাপে কাম কৰি আছিল। সেই সময়ত পাৰুল নামৰ যুৱক এজনে অটো’ত ঘূৰি ফুৰিছিল, দিলৱাৰে যিহেতু ৰাতি পাহাৰাদাৰ হিচাপে কাম চলাই আছিল সেই কাৰণে তেওঁ পাৰুলৰ অটো ৰখাই দিয়ে। তেতিয়া পাৰুলে উত্তেজিত হৈ দিলৱাৰক ভাবুকি দিয়ে । পিছত গুমৰা বজাৰত অভিযুক্ত পাৰুলে প্ৰথমে দিলৱাৰক ছুৰীৰে আঘাত কৰে, তাৰ পিছত যেতিয়া দিলৱাৰৰ লগত থকা আব্দুল্লা তালুকদাৰে পাৰুলক ধৰিবলৈ গৈছিল, তেতিয়া পাৰুলে আব্দুল্লাৰ শৰীৰৰ চাৰিটা ঠাইত ছুৰীৰে আঘাত কৰে।

এই ঘটনাৰ পিছত গুমৰা বজাৰত এক চাঞ্চল্যৰ পৰিবেশৰ সৃষ্টি হৈছিল। জানিব পৰা মতে, ঘটনাৰ খবৰ পাই আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আক্রমনকাৰী পাৰুলৰ বিৰুদ্ধে দিলৱাৰে গুমৰা আৰক্ষী চকীত এটা গোচৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande